A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.২২ শতাংশলৈ বৃদ্ধি

news

দেশত বৰ্তমানলৈকে প্ৰদান কৰা কোৱিড প্ৰতিষেধকৰ পালিৰ সংখ্যা ১০৭ কোটি ২৯ লাখৰো অধিক হৈছেগৈ। শেহতীয়াকৈ ২৪ ঘণ্টাত ১১ হাজাৰ ৯০৩ জন লোক নতুনকৈ কোৱিড-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। বৰ্তমান দেশত সক্ৰিয় কোৱিড ৰোগীৰ সংখ্যা ৫১ হাজাৰ ২০৯ হৈছেগৈ আৰু এই সংখ্যা বিগত ২৫২ দিনৰ ভিতৰত আটাইতকৈ কম।
দেশত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.২২ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, শেহতীয়াকৈ ২৪ ঘণ্টাত ১৪ হাজাৰ ১৫৯ জনৰো অধিক লোক সুস্থ হৈ উঠিছে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩ কোটি ৩৬ লাখ ৯৭ হাজাৰ। সাপ্তাহিক সংক্ৰমণৰ হাৰ ১.১৮ শতাংশ হোৱাৰ বিপৰীতে দৈনিক সংক্ৰমণৰ হাৰ হৈছে ১.১১ শতাংশ।
ইফালে, দেশত বৰ্তমানলৈকে কৰা পৰীক্ষাৰ সংখ্যাই ৬১ কোটি ১২ লাখ অতিক্ৰম কৰিছে। শেহতীয়াকৈ ২৪ ঘণ্টাত ১০ লাখ ৬৮ হাজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। (AIR NEWS)

894 Days ago

Video News