প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশত প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে যদিও কোৱিড-১৯ ৰ বিৰুদ্ধে আমাৰ যুঁজখন এতিয়াও শেষ হোৱা নাই। প্ৰতিগৰাকী লোককে মাস্ক পৰিধান কৰা আৰু উৎসৱৰ বতৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো নিশ্চিত কৰি কোৱিড বিধি সম্পূৰ্ণৰূপে মানি চলিবলৈ তেওঁ আহ্বান জনাইছে। দেশবাসীক উদ্দেশ্য কৰি দিয়া এটা ভাষণত শ্ৰীমোদীয়ে সমাগত উৎসৱসমূহ সৰ্বাধিক সতৰ্কতাৰে উদযাপন কৰিবলৈ সকলোকে অনুৰোধ জনায়। কোৱিড-১৯ৰ বিৰুদ্ধে যুঁজখনক কোনোধৰণে অৱহেলা নকৰিবলৈ সকীয়াই দি তেওঁ লগতে কয় যে প্ৰতিৰোধ ব্যৱস্থা যিমান শক্তিশালী নহলেও যুদ্ধ অব্যাহত থকা পৰ্যন্ত অস্ত্ৰ ত্যাগ কৰিব পৰা নাযায়।
বৰ্তমানেও প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ নকৰা প্ৰতিগৰাকী লোককে প্ৰতিষেধক ল’বলৈ আহ্বান জনোৱাৰ লগতে ইতিমধ্যে প্ৰতিষেধক গ্ৰহণ কৰা সকলক আনক উৎসাহিত কৰিবলৈকো তেওঁ আহ্বান জনায়। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ জলন্ত উদাহৰণ বুলি অভিহিত কৰি কয় যে কালি ১০০ কোটি পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য পূৰণৰ জৰিয়তে দেশখন উদ্বেগৰ পৰ্যায় অতিক্ৰম কৰি আস্থা তথা নিশ্চয়তাৰ পৰ্যায়ত উপনীত হৈছে। এই সফলতাৰ বাবে দেশৰ ১৩০ কোটি নাগৰিকৰ প্ৰয়াসক কৃতিত্ব প্ৰদান কৰি তেওঁ কয় যে ১০০ কোটি পালি প্ৰতিষেধক প্ৰদান কেৱল এটা সংখ্যা নহয়, বৰঞ্চ ই আমাৰ সামৰ্থ্যক প্ৰতিফলিত কৰে। এয়া কেৱল পৰিসংখ্যা নহয়, বৰঞ্চ ইতিহাসৰ এটা অধ্যায় বুলিও শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে।
নতুন ভাৰতে কঠিন লক্ষ্য ধাৰ্য কৰি কিদৰে পূৰণ কৰিব লাগে সেই কৌশল ভালদৰে জানে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিষেধকৰ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সদায়েই উন্নত দেশৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয় যদিও বিগত এশ বছৰৰ ভিতৰত সৰ্বাধিক জটিল এই মহামাৰীৰ সময়ত ভাৰতেও দেখুৱাই দিলে যে এইক্ষেত্ৰত ই কোনো গুণে কম নহয়। দেশৰ প্ৰতিগৰাকী নাগৰিকে প্ৰতিষেধকৰ সুবিধা লাভ কৰিব পৰাকৈ চৰকাৰে ইয়াৰ বিনামূলীয়া যোগানৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিজন লোকক সমানে মৰ্যাদা দি এই ক্ষেত্ৰত তথাকথিত বিশিষ্ট ব্যক্তিৰ সংস্কৃতিৰ প্ৰাসংগিকতা নাইকিয়া কৰা বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিষেধক প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো বিজ্ঞানৰ দ্বাৰা উদ্ভাৱিত, বিজ্ঞানৰ দ্বাৰা পৰিচালিত আৰু বিজ্ঞানভিত্তিক হোৱাটো দেশৰ প্ৰতিগৰাকী নাগৰিকৰে গৌৰৱৰ কাৰণ বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে কোৱিন মঞ্চই দেশৰ জনসাধাৰণৰ বাবে প্ৰতিষেধক পালি গ্ৰহণৰ স্থান আৰু সময় বাছনিৰ প্ৰক্ৰিয়া সহজ কৰি উলিয়াইছে আৰু স্বাস্থ্যকৰ্মী সকলক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে। তেওঁ কয় যে চৰকাৰে কোৱিড মহামাৰী সত্বেও দেশত অৰ্থব্যৱস্থাৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে চেণ্ট্ৰল ভিষ্টা, প্ৰধানমন্ত্ৰী গতি শক্তি লেখিয়া ভালেমান প্ৰকল্প আৰম্ভ কৰিছিল। তেওঁ লগতে কয় যে সম্প্ৰতি দেশত অভিলেখ পৰিমাণৰ বিনিয়োগ হোৱাই নহয় যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ ন ন সুযোগৰ সৃষ্টি হৈছে। এতিয়া সৰ্বত্ৰ আশাৰ সঞ্চাৰ হৈছে আৰু বিশেষজ্ঞ তথা বিশ্ব সংস্থা সমূহেও ভাৰতৰ অৰ্থব্যৱস্থা সন্দৰ্ভত ইতিবাচক মত পোষণ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। (AIR NEWS)