A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত বৰ্তমানলৈ ২১৬ কোটি ৯৫ লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান

news

ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক অভিযানৰ অধীনত এতিয়ালৈকে ২১৬ কোটি ৯৫ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা মতে, শেহতীয়াকৈ ২৪ ঘণ্টাত ১২ লাখ ২৭ হাজাৰৰো অধিক পালি প্ৰতিষেধক দিয়া হৈছে। এই সময়ছোৱাত ৪ হাজাৰতকৈ অধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি দেশত ৪৬ হাজাৰৰো অধিক সক্ৰিয় কোভিড ৰোগী আছে। আৰোগ্যৰ হাৰ হৈছে ৯৮.৭১ শতাংশ। কালিৰ দিনটোত ৫ হাজাৰতকৈও অধিক লোক সুস্থ হৈ উঠে। মন্ত্ৰ্যালয়ে জনোৱা মতে, এতিয়ালৈ দেশত ৮৯ কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে। কালিৰ দিনটোত প্ৰায় ৩ লাখ ৩৯ হাজাৰ নমুনা পৰীক্ষা কৰা হয়। (AIR NEWS)

572 Days ago

Video News