A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ১৩১ কোটিৰো অধিক পালি প্ৰদান

news

ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত বৰ্তমানলৈকে দেশত ১৩১ কোটি ৯৯ লাখৰো অধিক পালি প্ৰতিষেধক দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ ২৪ ঘণ্টাত ৭৬ লাখ ৩৬ হাজাৰৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শেহতীয়াকৈ ২৪ ঘণ্টাত ৭ হাজাৰ ৯৯২ গৰাকী ক’ৰ’ণা আক্ৰান্ত চিনান্ত হোৱাৰ বিপৰীতে ৯ হাজাৰ ২৬৫ গৰাকী লোক কোৱিডৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমান দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৩৬ % আৰু দেশত বৰ্তমান ৯৩ হাজাৰ ২৭৭ জন সক্ৰিয় ৰোগী আছে। দেশত এতিয়ালৈকে ৩ কোটি ৪১ লাখৰো অধিক কোৱিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে। মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি দেশত বৰ্তমানলৈকে ৬৫ কোটি ৪৪ লাখৰো অধিক ক’ৰ’ণা পৰীক্ষা সম্পন্ন হৈছে। (AIRNEWS)

859 Days ago