A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ১৪৬ কোটি ৭০ লাখৰো অধিক পালি প্ৰদান

News

দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ১৪৬ কোটি ৭০ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত যোৱা ২৪ ঘণ্টাত ৯৯ লাখ ২৭ হাজাৰৰো অধিক পালি প্ৰতিষেধক দিয়া হয় বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১১ হাজাৰ ৭ জন কোৱিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা কোৱিড ৰোগীৰ সংখ্যাই ৩ কোটি ৪৩ লাখ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ৩৭ হাজাৰ ৩৭৯ জন লোকৰ দেহত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। সেই অনুসাৰে কেৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.১৩ শতাংশ হৈছে। দেশত সম্প্ৰতি মুঠ আক্ৰান্তৰ ০.৪৯ শতাংশ অৰ্থাৎ ১ লাখ ৭১ হাজাৰ ৮৩০ জন চিকিৎসাধীন কোৱিড ৰোগী আছে। মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত সাপ্তাহিক সংক্ৰমণৰ হাৰ ২.০৫ শতাংশ আৰু দৈনিক সংক্ৰমণৰ হাৰ ৩.২৪ শতাংশ হৈছে।

        দেশত যোৱা ২৪ ঘণ্টাত ১১ লাখ ৫৪ হাজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হয়। ইয়াকে ধৰি দেশত বৰ্তমালৈকে পৰীক্ষাৰ সংখ্যা ৬৮ কোটি ২৪ লাখৰো অধিক হৈছে।  (AIRNEWS)

835 Days ago