A part of Indiaonline network empowering local businesses

দেশত বৰ্তমানলৈকে ১১০ কোটি ২৩ লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান

News

ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত দেশত বৰ্তমানলৈকে ১১০ কোটি ২৩ লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি শেহতীয়াকৈ ২৪ ঘণ্টাত ৫২ লাখ ৬৯ হাজাৰৰো অধিক প্ৰতিষেধক দিয়া হয়। তথ্য অনুসৰি শেহতীয়াকৈ ২৪ ঘণ্টাত দেশত ১৩ হাজাৰৰো অধিক লোক কোৱিড-১৯ৰ পৰা সুস্থ হৈ উঠে আৰু সেই অনুসৰি দেশত সুস্থ হৈ উঠাৰ হাৰ ৯৮.২৫ শতাংশ হৈছেগৈ। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ ২৪ ঘণ্টাত দেশত ১৩ হাজাৰৰো অধিক কৰোনা আক্ৰান্ত চিনাক্ত হয়। এই সময়ছোৱাত ৪৬০ গৰাকীৰ কোৱিড-১৯ত মৃত্যু হয়। তথ্য মতে, দেশত বৰ্তমান প্ৰায় ১,৩৮,৫৫৬ গৰাকী সক্ৰিয় ৰোগী আছে। সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ ১শতাংশৰো কম। বৰ্তমান সক্ৰিয় ৰোগীৰ হাৰ ০.৪০ শতাংশ আৰু যোৱা বছৰৰ মাৰ্চৰ পৰা এয়া হৈছে আটাইতকৈ কম। দেশত বৰ্তমান দৈনিক সংক্ৰমণৰ হাৰ হৈছে ১.১০ শতাংশ। এই হাৰ বিগত ৩৮ দিন ধৰি ২ শতাংশৰ তলতে আছে। দেশত সাপ্তাহিক সংক্ৰমণৰ হাৰ হৈছে ১.১৮ শতাংশ আৰু এই হাৰ বিগত ৪৮ দিন ধৰি ২ শতাংশৰ তলতেই আছে।
শেহতীয়াকৈ ২৪ ঘণ্টাত দেশত ১১ লাখ ৮৯ হাজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হয়। ইয়াকে লৈ দেশত এতিয়ালৈকে পৰীক্ষা কৰা নমুনাৰ সংখ্যা ৬১ কোটি ৯৯ লাখৰো অধিক হৈছেগৈ। (AIRNEWS)

890 Days ago