A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত বৰ্তমানলৈকে ১১৩ কোটিৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান

news

দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ১১৩ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত ৭৫ কোটি ৫১ লাখৰো অধিক প্ৰতিষেধক প্ৰথম পালি হিচাপে প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শেহতীয়াকৈ যোৱা ২৪ ঘণ্টাত প্ৰায় ৬০ লাখ পালি প্ৰতিষেধক দিয়া হয়। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, দেশত যোৱা বছৰৰ মাৰ্চৰ পাছত প্ৰথমবাৰৰ বাবে কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.২৭ শতাংশলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত প্ৰায় ১২ হাজাৰ কোৱিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈদেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩ কোটি ৩৮ লাখ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ৮ হাজাৰৰো অধিক লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই সময়ছোৱাত কোৱিডত আক্ৰান্ত হৈ ১৯৭ জন লোকে প্ৰাণ হেৰুৱায়। দেশত সম্প্ৰতি ১ লাখ ৩০ হাজাৰৰো অধিক চিকিৎসাধীন কোৱিড ৰোগী আছে। চিকিৎসাধীন ৰোগীৰ এই সংখ্যা ২২ দিনৰ ভিতৰত আটাইতকৈ কম। মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি কালি দেশত বিভিন্ন পৰীক্ষাগাৰত ১১ লাখৰো অধিক নমুনা পৰীক্ষা কৰা হয়। ইয়াকে লৈ দেশত বৰ্তমানলৈকে কৰা পৰীক্ষাৰ সংখ্যা ৬২ কোটি ৫৭ লাখৰো অধিক হৈছেগৈ। (AIRNEWS)

884 Days ago