দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ২১৭ কোটি ১১ লাখৰো অধিক পালি দিয়া হৈছে। ইয়াৰে ভিতৰত যোৱা ২৪ ঘণ্টাত ১৫ লাখ ৮৫ হাজাৰৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হয়। দেশত যোৱা ২৪ ঘণ্টাত ৫ হাজাৰৰো অধিক লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ৫ হাজাৰ ২৯১ জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেসত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৪ কোটি ৩৯ লাখ অতিক্ৰম কৰিছে। সেই অনুসাৰে দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ হৈছে। দেশত সম্প্ৰতি মুঠ আক্ৰান্তৰ ০.১০ শতাংশ অৰ্থাৎ ৪৬ হাজাৰ ৩৪২ জন চিকিৎসাধীন কোভিড ৰোগী আছে। (AIR NEWS)