A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত বৰ্তমানলৈকে ৯৬ কোটি ৮২ লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান

News

দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ৯৬ কোটি ৮২ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, কালি ৫০ লাখ ৬৩ হাজাৰৰো অধিক পালি দিয়া হয়। দেশত যোৱা ২৪ ঘণ্টাত ১৮ হাজাৰ ৯৮৭ গৰাকী লোকৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ভাৰতৰ মুঠ সংক্ৰমিত লোকৰ সংখ্যা ২ লাখ ৭ হাজাৰ ৬৫৩ আৰু সংক্ৰমিত এই লোকৰ সংখ্যা বিগত ২১৪ দিনৰ ভিতৰত আটাইতকৈ কম। যোৱা ২৪ ঘণ্টাত ১৯ হাজাৰ ৮০৮ গৰাকী ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩ কোটি ৩৩ লাখ ৬২ হাজাৰ ৭০৯ হৈছে। সেই অনুসাৰে আৰোগ্যৰ হাৰ যোৱা বছৰৰ মাৰ্চৰ পাছত প্ৰথমবাৰৰ বাবে ৯৮.০৭ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, দৈনিক সংক্ৰমণৰ হাৰ যোৱা ৪৫ দিন ধৰি ৩ শতাংশৰ তলত আছে। (AIR NEWS)

917 Days ago