A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশলৈ উভতি যাবৰ বাবে ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক ভিছা প্ৰদান কৰা হ’ব বুলি ঘোষণা চীনৰ

news

চীন দেশে, কোভিডক লৈ আৰোপিত হৈ থকা নিষেধাজ্ঞাৰ ফলত দেশখনলৈ উভতি যাবৰ বাবে দুবছৰতকৈ অধিক সময় ধৰি অপেক্ষা কৰি থকা ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক ভিছা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। বেইজিঙে আৰোপ কৰা কঠোৰ নিষেধাজ্ঞাৰ ফলত দেশখনত শিক্ষাগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হোৱা ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে ভিছা ব্যৱস্থা কৰা হ’ব বুলি দেশখনে কালি ঘোষণা কৰে। নতুন দিল্লীত থকা চীনদেশীয় দূতাবাসৰ ৱেবছাইটত প্ৰকাশ পোৱা এই ঘোষণা অনুসৰি অহা ২৪ আগষ্টৰ পৰা কাৰ্যকৰী হ’বলগীয়া ভিছাৰ ব্যৱস্থা শিক্ষাৰ্থীসকলৰ লগতে ব্যৱসায়ী আৰু চীন দেশত কাম কৰি থকা লোকসকলৰ পৰিয়ালৰ বাবেও প্ৰযোজ্য হ’ব। অৱশ্যে পৰ্যটকৰ বাবে ভিছা প্ৰদানৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।
নতুন দিল্লীত থকা চীনদেশীয় দূতাবাসত নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰি দেশখনলৈ উভতি যোৱা চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়ায়ো টুইটযোগে দেশখনৰ এই সিদ্ধান্তৰ কথা নিশ্চিত কৰাৰ লগতে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ বাবে পুনৰ সেই দেশলৈ আদৰণি জনাইছে। (AIR NEWS)

604 Days ago