প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশে অমৃত কালৰ এই সময়ত নতুন পৰিভাষা আৰু নতুন শৃংখলাৰ সূচনা কৰিছে। তেওঁ কয় যে চৰকাৰে সম্প্ৰতি নিজৰ ধৰণে নহয়, বৰং খেলুৱৈসকলৰ আৱশ্যকতা অনুসৰি গুৰুত্ব আৰোপ কৰিবলৈ লৈছে। ৰাজস্থানৰ জয়পুৰত আয়োজিত মহাখেলৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ প্ৰজন্মৰ বাবে কোনো কামেই অসম্ভৱ নহয়। যুৱক-যুৱতীসকলে যেতিয়া আত্মসন্মান, শক্তি, আত্মনিৰ্ভৰশীলতা, সুবিধা আৰু সম্পদ লাভ কৰে, তেতিয়া সকলো লক্ষ্যই সহজ হৈ পৰে। এইবাৰৰ বাজেটত ক্রীড়া শিতানৰ বাবে আৱণ্টিত ধন ২০১৪ বৰ্ষৰ তুলনাত প্রায় ৩ গুণ বৃদ্ধি কৰা হৈছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ শ্ৰী মোদীয়ে কয় যে পূৰ্বতে যুৱক-যুৱতীসকলৰ মাজত খেলৰ প্ৰতি ৰুচি আৰু প্ৰতিভা সকলো আছিল যদিও সম্পদ আৰু চৰকাৰী সহযোগিতাৰ অভাৱৰ বাবে তেওঁলোক সফল হ'ব পৰা নাছিল। বৰ্তমান খেলুৱৈসকলৰ এই সমস্যাসমূহ সমাধান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় য়ে কেন্দ্ৰীয় চৰকাৰে জিলা আৰু স্থানীয় পৰ্যায়ত ক্ৰীড়া সুবিধা বৃদ্ধি আৰু ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে চৰকাৰে পুঁজিৰ অভাৱৰ বাবে যাতে কোনো খেলুৱৈ পিছ পৰি ৰ'বলগীয়া নহয়, তাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে। গুৰুত্বপূৰ্ণ ক্রীড়া বঁটাৰ সৈতে প্ৰদান কৰা ধনৰ পৰিমাণো ৩ গুণ বৃদ্ধি কৰা হৈছে বুলি শ্ৰী মোদীয়ে কয়। প্রধানমন্ত্ৰীয়ে কয় যে শাৰীৰিক সুস্থতা অকল ক্ৰীড়াৰ বাবে নহয়, বৰং স্বাভাৱিক জীৱনৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। সেয়েহে খেল' ইণ্ডিয়াৰ সমান্তৰালভাৱে ফিট ইণ্ডিয়াও দেশৰ বাবে বৃহৎ অভিযান ৰূপে পৰিগণিত হৈছে। সুস্থতাৰ বাবে পুষ্টিকৰ খাদ্য গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰসংঘই চলিত বৰ্ষক ইয়াৰ অব মিলেট অর্থাৎ বজৰা, জোৱাৰ আৰু ৰাগী এই তিনিবিধ শস্যৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত সমগ্র বিশ্বত বিশেষ অভিযান চলোৱা হৈছে। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে যুৱক-যুৱতীসকলৰ সৰ্বাংগীন উন্নয়নৰহকে কাম কৰি আছে। ১২ জানুৱাৰীত আৰম্ভ হোৱা এইবাৰৰ জয়পুৰ মহাখেলত জয়পুৰৰ গ্ৰামাঞ্চলৰ ৬ হেজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। জয়পুৰ গ্ৰাম্য সমষ্টিৰ সাংসদ কর্ণেল ৰাজ্যবর্ধন ৰাঠোৰে ২০১৭ চনত এই ক্রীড়া মহোৎসৱ আৰম্ভ কৰিছিল। (AIR NEWS)