A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশৰ সশস্ত্ৰ বাহিনীসমূহে চলোৱা প্ৰচেষ্টা আৰু অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা

news

প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে কোৱিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশৰ সশস্ত্ৰ বাহিনীসমূহে চলোৱা প্ৰচেষ্টা আৰু অভিযান সন্দৰ্ভত কালি পৰ্যালোচনা চলায়। চিফ অব ডিফেঞ্চ ষ্টাফ, জেনেৰেল বিপিন ৰাৱটে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। জেনেৰেল ৰাৱটে প্ৰধানমন্ত্ৰী শ্ৰীমোডীক কয় যে, বিগত দুবছৰৰ ভিতৰত অৱসৰ লোৱা অথবা অৱসৰ কাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অব্যাহতি লোৱা, প্ৰতিৰক্ষা বাহিনীসমূহৰ চিকিৎসা বিষয়াসকলক, তেওঁলোকৰ বাসস্থানৰ ওচৰৰ কোৱিড চিকিৎসালয় আৰু আন স্থানত সেৱা প্ৰদান কৰাৰ বাবে, পুনৰ মাতি পঠোৱা হৈছে। ইয়াৰ উপৰিও জৰুৰীকালীন হেল্প লাইনৰ জৰিয়তেও, পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। শ্ৰী ৰাৱটে তেওঁলোকক, তিনিওটা বাহিনীৰ কামাণ্ডা হাস্পাতাল, কৰৰ মুখ্য কাৰ্যালয় আদিৰ চিকিৎসালয়ত নিয়োগ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীক জনায়। জেনেৰেল ৰাৱটে লগতে কয় যে চিকিৎসক সকলক সহায়ৰ বাবে ভালে সংখ্যক নাৰ্ছকো নিয়োগ কৰা হৈছে। সুৰক্ষা বাহিনীৰ বিভিন্ন চিকিৎসালয়ৰ বাবে অক্সিজেন চিলিণ্ডাৰ উপলব্ধ কৰা হৈছে বুলি তেওঁ অৱগত কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসাৰ সুবিধা বৃদ্ধি কৰা হৈছে আৰু প্ৰয়োজন হ’লে অসামৰিক লোককো চিকিৎসা প্ৰদান কৰা হ’ব বুলি জেনেৰেল ৰাৱটে প্ৰধানমন্ত্ৰীক জনায়। (AIR NEWS)

1087 Days ago