A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেহত অক্সিজেন কমি যোৱাৰ ফলত মৃত্যু ডাঃ জাহান ইকবালৰ

news

গুৱাহাটী: এক দুখজনক খবৰ। হঠাত্‍ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ ফলত চিকিত্‍সালয়লৈ নি থকাৰ অৱস্থাতে মৃত্যুক আঁকোৱালি ল’লে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডা০ জাহান ইকবাল আহমেদে। চিকিত্‍সা মহাবিদ্যালয়খনৰ চকু বিভাগৰ অধ্যাপক আছিল ডা০ জাহান ইকবাল আহমেদ।

প্ৰাপ্ত তথ্য অনুসৰি অধ্যাপক ডা০ আহমেদ সামান্য জ্বৰ আৰু কাহত ভুগি থকাৰ লগতে শ্বাস-প্ৰশ্বাসত কিছু অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ আহিছিল চিকিত্‍সকজনৰ। হঠাৎ দেহত অক্সিজেনৰ স্তৰ কমি যোৱা চিকিৎসকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁ মৃত্যুক আঁকোৱালি লয় বুলি সুত্ৰই প্ৰকাশ কৰিছে।

চিকিত্‍সকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেওঁৰ সহপাঠী তথা ৰাজ্যৰ বিশিষ্ট নিউৰ’ চাৰ্জন ডা০ নভনীল বৰুৱাই।  (INDIAONLINE)

1375 Days ago