A part of Indiaonline network empowering local businesses

দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছৰ শীৰ্ষ স্থানত অসম

news

শ্বিলঙত চলি থকা দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছত অসম পুনৰ পদক তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হৈছে। শেহতীয়া তথ্য অনুসৰি অসমে ৬০ টা সোণ, ৪৯ টা ৰূপ আৰু ৩৯ টা ব্ৰঞ্জ সহ মুঠ ১৪৫টা পদক দখল কৰিছে। আনহাতে, মণিপুৰে ৫৬ টা সোণ, ৪৯ টা ৰূপ আৰু ৫৬ টা ব্ৰঞ্জসহ ১৬১ টা পদক দখল কৰে।

অসমে আজি ভাৰোত্তোলনত চাৰিটা সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। মহিলাৰ ৭১ কিলোগ্ৰাম ওজন শাখাত সংগীতা সাধনিদাৰ আৰু ৭৬ কিলোগ্ৰাম ওজন শাখাত পাল্কী প্ৰদীপ কাশ্যপে সোণৰ পদক দয় কৰে। আনহাতে, পুৰুষৰ ৬১ কিলোগ্ৰাম ওজন শাখাত মনোৰঞ্জন ঢেকিয়াল আৰু ১০২ কিলোগ্ৰাম ওজন শাখাত কপিল সোণোৱালে সোণৰ পদক জয় কৰিছে। (AIR NEWS)

521 Days ago