A part of Indiaonline network empowering local businesses
Chaitra Navratri

দৰ্শকৰ বাবে মুকলি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান

News

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰ পৰা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে। স্বাধীনতাৰ ৭৫ বছৰত উদযাপিত আজাদী কা অমৃত মহোৎসৱত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ এই উদ্যানখনক অমৃত উদ্যান হিচাপে ঘোষণা কৰিছে। ভ্ৰমণকাৰীসকলে সম্প্ৰতি অমৃত উদ্যানত বিশেষভাবে ৰোপণ কৰা ১২টা প্ৰজাতিৰ টিউলিপ ফুলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। সাধাৰণ লোকৰ দৰ্শনৰ বাবে অমৃত উদ্যান ২৬ মার্চ পর্যন্ত খোলা থাকিব। অৱশ্যে উদ্যানৰ যত্ন লোৱাৰ বাবে প্ৰতি সপ্তাহৰ সোমবাৰে উদ্যান বন্ধ থাকিব। উদ্যানখন ২৮ মাৰ্চত কৃষকসকলৰ, ২৯ মাৰ্চত দিব্যাংগসকলৰ আৰু ৩০ মাৰ্চত প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে আৰক্ষীৰ দৰ্শনৰ বাবে মুকলি ৰখা হ'ব। আনহাতে, ৩১ মাৰ্চত জনজাতীয় মহিলাৰ আত্মসহায়ক গোটসহ মহিলাৰ দৰ্শনৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। দৰ্শনকাৰীসকলক পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে ছঘণ্টাৰ বাবে অমৃত উদ্যান দৰ্শনৰ অনুমতি দিয়া হ'ব। জনসাধাৰণে অনলাইন বুকিঙৰ জৰিয়তে আগতীয়াকৈ উদ্যান দৰ্শনৰ ব্যৱস্থা কৰিব পাৰিব। তেওঁলোক www.rastrapatisachivalaya.gov.in ৱেব ছাইটৰ জৰিয়তে আগতীয়াকৈ দৰ্শনৰ বাবে বুকিং কৰিব পাৰিব। সকলো দৰ্শনকাৰীৰ বাবে ৩৫ নম্বৰ প্ৰৱেশদ্বাৰখন প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ব্যৱহৃত হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ এই উদ্যানখনৰ উপৰি জনসাধাৰণে বুধবাৰৰ পৰা দেওবাৰলৈকে সপ্তাহৰ পাঁচদিন ৰাষ্ট্ৰপতি ভৱনো চাব পাৰিব। তেওঁলোকে মঙলবাৰৰ পৰা দেওবাৰৰলৈকে সপ্তাহৰ ছদিন ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয় পৰিদৰ্শন কৰিব পাৰিব। (AIR NEWS)

443 Days ago