A part of Indiaonline network empowering local businesses
Chaitra Navratri

নতুন ভাৰত গঢ়াৰ বাবে নতুন প্ৰজন্মই তথ্য প্ৰযুক্তিৰ সৈতে একেলগে আগবাঢ়িব লাগিবঃ মুখ্যমন্ত্ৰী

News

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ জনপ্ৰিয় ইউটিউবাৰ আৰু ভিডিঅ’ ব্ল’গাৰসকলক অসমৰ সভ্যতা-সংস্কৃতিৰ ইতিবাচক বাৰ্তা বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে৷ কালি কেবাগৰাকীও ইউটিউবাৰ আৰু ব্লগাৰে মুখ্যমন্ত্ৰীক কৰা সাক্ষাতৰ সময়ত তেওঁ এই আহ্বান জনায়৷ তেওঁ কয় যে, নিজৰ ৰাজ্যখনৰ ভূগোল, বুৰঞ্জী, প্ৰাকৃতিক সৌন্দৰ্য, ভাষা-সংস্কৃতি, লোক-কৃষ্টিৰ অনাবিষ্কৃত দিশসমূহ আবিষ্কাৰ কৰি প্ৰচাৰ মাধ্যমেৰে বিশ্ববাসীক অসমৰ বিষয়ে সুস্পষ্ট ধাৰণা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা পালন কৰিব লাগিব৷ নিজৰ কষ্ট, সাধনা আৰু উপস্থাপন শৈলীৰে ১০ লাখ পৰ্যন্ত অনুগামী সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই ইউটিউবাৰ আৰু ব্ল’গাৰসকলক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ দেশৰ ইতিহাসত যুৱ শক্তিৰ দ্বাৰা নেতৃত্ব প্ৰদানকাৰী উন্নয়নৰ ধাৰণা প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নতুন ভাৰত গঢ়াৰ বাবে নতুন প্ৰজন্মই তথ্য প্ৰযুক্তিৰ সৈতে একেলগে আগবাঢ়িব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু ইতিবাচক কাম-কাজসমূহৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰি সজাগতা সৃষ্টি কৰিবলৈও তেওঁ ইউ টিউবাৰসকলৰ প্ৰতি আহ্বান জনায়৷ (AIR NEWS)

1301 Days ago