A part of Indiaonline network empowering local businesses
Chaitra Navratri

নতুন শিক্ষা নীতিত ভাল মানুহ গঢ় দি এখন ভাল দেশ গঠন কৰাত গুৰুত্ব আৰোপ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে নতুন শিক্ষা নীতিত ভাল মানুহ গঢ় দি এখন ভাল দেশ গঠন কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে এই নীতিত আমাৰ যুৱ সমাজৰ মানসিকতা তথা যুৱক-যুৱতীসকলৰ মাজত সিদ্ধান্ত গ্ৰহণ আৰু চিন্তা কৰাৰ ক্ষমতা বিকশাই তোলাত গুৰুত্ব প্ৰদান কৰা হৈছে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতি ৰাষ্ট্ৰগঠন প্ৰক্ৰিয়াৰ দিশত লোৱা এটা পদক্ষেপ আৰু চৰকাৰে যুৱ সমাজক উন্নত সুযোগ প্ৰদান কৰিব পৰা এটা বাতাবৰণ গঢ়ি তোলাৰ বাবে কাম কৰি আছে। স্বামী বিবেকানন্দ সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে, স্বামীজীয়ে সদায় শাৰীৰিক আৰু মানসিক শক্তিৰ ওপৰত সমানে গুৰুত্ব দিছিল। তেওঁ কয় যে স্বামী বিবেকানন্দৰ শিকনিসমূহৰ পৰা অনুপ্ৰেৰণা লৈ চৰকাৰে বিশেষকৈ দেশৰ যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। তেওঁ লগতে কয় যে স্বামীজীয়ে মুক্ত, নিৰ্ভীক, সাহসী, অভিলাষী আৰু নিকা অন্তৰৰ যুৱক-যুৱতীসকলক ভেটি হিচাপে লৈ দেশৰ ভৱিষ্যৎ গঢ়িব পৰা যায় বুলি মন্তব্য কৰিছিল। তেওঁ যুৱ সমাজৰ শক্তিৰ কথা বাৰুকৈয়ে অনুধাৱন কৰিছিল। শ্ৰীমোদীয়ে কয় যে সময়ৰ লগে লগে দেশ স্বাধীন হ’ল যদিও আজিও আমি স্বামীজীৰ প্ৰভাৱ দেখিবলৈ পাওঁ।
এই উলপক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় যুৱ সংসদৰ তিনিগৰাকী বিজয়ীক বঁটা প্ৰদান কৰা হয়। (AIR NEWS)

1193 Days ago