A part of Indiaonline network empowering local businesses
Chaitra Navratri

'নতুন শিক্ষা নীতিয়ে পূৰ্বৰ শিক্ষা নীতিসমূহৰ উত্তম বিকল্পৰূপে পৰিগণিত হ’ব'

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শিক্ষা নীতিৰ প্ৰশংসা কৰি কৈছে যে ই পূৰ্বৰ শিক্ষা নীতিসমূহৰ উত্তম বিকল্পৰূপে পৰিগণিত হ’ব। তেওঁ কয় যে, নতুন শিক্ষা নীতিয়ে ভাৰতৰ যুৱ প্ৰজন্মক নতুন প্ৰত্যহ্বানৰ বাবে সাজু কৰি তুলিব তথা কৰ্ম সংস্থাপন আৰু চাকৰিৰ ন-ন সুযোগৰ সৃষ্টি কৰিব। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ যোগেদি আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি বিষয়ক ৰাজ্যপালসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন শিক্ষা নীতিত দেশৰ বিভিন্ন প্ৰান্তৰ দুই লক্ষাধীক লোকে আগবঢ়োৱা পৰামৰ্শ সন্নিৱিষ্ট কৰা হৈছে। তেওঁ লগতে এই শিক্ষা নীতি ৰাষ্ট্ৰৰ আশা-আকাংক্ষা পূৰণৰ সচাৰকাঠিৰূপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে।

        প্ৰধানমন্ত্ৰীয়ে কয় যে, এই নীতিৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ সৈতে শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থীসকলক জড়িত কৰিব পাৰিলে ই অধিক প্ৰাসংগিক আৰু সৰ্বাত্মক হৈ পৰিব। নতুন শিক্ষা নীতিত মুখস্থৰ পৰিৱৰ্তে শিকণ আৰু শিক্ষাৰ্থীসকলৰ চিন্তাশক্তি বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই নীতিত ব্যৱস্থাৰ পৰিৱৰ্তে আগ্ৰহ, বাস্তৱিকতা আৰু প্ৰদৰ্শনত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে এই নীতিয়ে একবিংশ শতিকাৰ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন মাত্ৰা প্ৰদান কৰিব আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প অধিক সুদৃঢ় কৰি তুলিব। তেওঁ কয় যে এই নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উৎকৃষ্ট প্ৰতিষ্ঠানসমূহে এতিয়া ভাৰতবৰ্ষত নিজৰ চৌহদ মুকলি কৰিব পাৰিব যাৰ ফলত সাধাৰণ পৰিয়ালৰ যুৱক-যুৱতীসকলেও এনে প্ৰতিষ্ঠানৰ পৰা শিক্ষা লাভৰ আশা পূৰণ কৰিব পাৰিব। ভাৰতবৰ্ষক শিক্ষা প্ৰাচীন কেন্দ্ৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতিয়ে দেশক একবিংশ শতিকাৰ জ্ঞান আধাৰিত অৰ্থ ব্যৱস্থাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাত সহায় কৰিব।

 আনহাতে, ৰাষ্ট্ৰপতি ৰামনাথ কোবেন্দে এই সন্মিলনত ভাষণ দি কয় যে নতুন শিক্ষা নীতিত ২০২৫ চনৰ ভিতৰত প্ৰাথমিক স্কুল পৰ্যায়তে সকলো শিশুক সাক্ষৰ কৰি তোলাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬৭৫ খন জিলাৰ দুই লাখতকৈ অধিক লোক আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত দীঘলীয়া আলোচনাৰ মাজেৰে এই নীতি যুগুত কৰা হৈছে। তেওঁ লগতে কয় যে নতুন শিক্ষা নীতিত ৰাজহুৱা শিক্ষা ব্যৱস্থা যে এখন সক্ৰিয় গণতান্ত্ৰিক সমাজৰ মূল ভেটি সেই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে, সেয়েহে ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰি তোলাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে। (AIR NEWS)

1320 Days ago