A part of Indiaonline network empowering local businesses
Chaitra Navratri

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক বিশ্বৰ শিক্ষাৰ ক্ষেত্ৰত মৰ্যাদা প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক বিশ্বৰ শিক্ষাৰ ক্ষেত্ৰত মৰ্যাদা প্ৰদান কৰিছে৷ তেওঁ কৈছে যে এই শিক্ষা নীতিয়ে দেশত নতুন নতুন সুযোগ মুকলি কৰিব৷ আই আই টি গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে অনাগত দিনত যুৱক-যুৱতীসকলে দেশৰ বাস্তৱতাক গঢ় দিবলৈ সমৰ্থ হ’ব৷ নতুন শিক্ষা নীতিয়ে শিক্ষা ব্যৱস্থাক আধুনিক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰিব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতিৰ অধীনত ৰাষ্ট্ৰীয় প্ৰযুক্তি ফ’ৰাম স্থাপন কৰা হ’ব৷ তেওঁ কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত গৱেষণা আৰু পুঁজিৰ পৰ্যাপ্ত সুবিধা থাকিব৷
প্ৰধানমন্ত্ৰী মোদীয়ে আজি আই আই টি গুৱাহাটীয়ে পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা ৩০০ শিক্ষাৰ্থীক অভিনন্দন জনায়৷ ক’ৱিড-19 অতিমাৰীৰ বিৰুদ্ধে যুঁজত আই আই টি গুৱাহাটীয়ে লোৱা ভূমিকাক উচ্চ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে - শিক্ষা প্ৰতিষ্ঠানখনে অঞ্চলটোত হোৱা বান আৰু ভূমিস্খলনৰ সমস্যা ৰোধত সহায় কৰাৰ লগতে গৱেষণাৰ জৰিয়তে স্থানীয় সম্পদসমূহক বিকশাই তোলাৰ ব্যৱস্থা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই শিক্ষা প্ৰতিষ্ঠানখনে ভাৰতীয় জ্ঞান শিক্ষা প্ৰতিষ্ঠান আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু বিপদৰ সম্ভাৱনা হ্ৰাসকৰণ কেন্দ্ৰ স্থাপনত ভূমিকা গ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা আছে৷
এই সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ৱিড-19ৰ বিৰুদ্ধে যুঁজত আই আই টি গুৱাহাটীয়ে লোৱা ভূমিকাক প্ৰশংসা কৰে৷ দুৰ্যোগ ব্যৱস্থাপনাত শিক্ষানুষ্ঠানখনে ৰাজ্যখনক সহায় কৰা বুলিও শ্ৰীসোণোৱালে উল্লেখ কৰে৷ অনুষ্ঠানত অংশ লৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখ্ৰৰিয়াল নিশাংকই কয় যে ৰাষ্ট্ৰ নিৰ্মাণত আই আই টি গুৱাহাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ তেওঁ শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ সাজু থাকিবলৈও আহ্বান জনায়৷ (AIR NEWS)

1305 Days ago