যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আলু, পিঁয়াজ, দাইল, তেল আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কৃত্ৰিম দাম বৃদ্ধি কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে৷ চেম্বাৰছ অৱ কৰ্মাছৰ সৈতে হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে যোগান বিভাগে পাইকাৰী আৰু খুচুৰা মূল্যৰ ওপৰত সদায় চকু ৰাখিছে৷ অসাধু উপায়েৰে কোনো ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি তেওঁ সকীয়াই দিয়ে৷ ইফালে, গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা তিনি চাৰিদিনৰ ভিতৰত আলু আৰু পিঁয়াজৰ মূল্য ভালেখিনি বৃদ্ধি পাইছে৷ (AIR NEWS)