গুৱাহাটী: ভয়ানক ক'ৰণা ভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থাৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে ২১ দিনৰ বাবে 'লক ডাউন' ঘোষণা কৰাৰ পিছতে শিথিল কৰি দিয়া হৈছে এই ব্যৱস্থা। লক ডাউন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে।
ক'ৰণাত আক্ৰান্ত তথা এই ভাইৰাছৰ লক্ষণ দেখা পোৱা লোকসকলৰ বাবে নেহৰু আৰু সৰুসজাইত ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে ক'ৰেণ্টাইন কেম্প। এহেজাৰ বিচনাযুক্ত এই কেম্পত আছুতীয়াকৈ ৰখা হ'ব এই লোকসকলক।
উল্লেখযোগ্য যে অসমত এই মুহূৰ্তলৈকে কোনো লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা নাই যদিও সকলো লোককে ঘৰতে থাকি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে। (INDIA ONLINE)