A part of Indiaonline network empowering local businesses
Chaitra Navratri

নৌ-সেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে এডমিৰেল আৰ হৰি কুমাৰৰ কাৰ্যভাৰ গ্ৰহণ

News

এডমিৰেল আৰ হৰি কুমাৰে আজি নৌ-সেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। নতুন দিল্লীৰ ছাউথ ব্লকত নৌ-বাহিনীৰ নতুন মুৰব্বীগৰাকীক গাৰ্ড অৱ অ’নাৰ প্ৰদান কৰা হয়। এডমিৰেল হৰি কুমাৰে আজি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা এডমিৰেল কৰমবীৰ সিঙৰ স্থলাভিষিক্ত হয়। সাংবাদিকৰ লগত হোৱা কথা-বতৰাৰ এডমিৰেল হৰি কুমাৰে কয় যে ভাৰতীয় নৌ-সেনাবাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাটো তেওঁৰ বাবে এটা ডাঙৰ সন্মানৰ বিষয়। তেওঁ কৈছে, দেশৰ সামুদ্ৰিক বিষয়সমূহ আৰু সামুদ্ৰিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহক ভাৰতীয় নৌ-বাহিনীয়ে গুৰুত্ব প্ৰদান কৰিব। এডমিৰেল আৰ হৰি কুমাৰে ১৯৮৩ চনৰ এক জানুৱাৰীত ভাৰতীয় নৌ-সেনা বাহিনীত যোগদান কৰিছিল। তেওঁৰ ৩৯ বছৰীয়া সুদীৰ্ঘ আৰু উল্লেখযোগ্য সেৱাত বিভিন্ন কমাণ্ড, কৰ্মচাৰী আৰু বিভিন্ন পদত সুচাৰুৰূপে দায়িত্ব পালন কৰিছে। তেওঁ পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক আৰু বিশিষ্ট সেৱা পদক লাভ কৰিছে। (AIRNEWS)

870 Days ago