A part of Indiaonline network empowering local businesses
Chaitra Navratri

পশ্চিম কাৰ্বি আংলঙত বানৰ সংহাৰ

news

গুৱাহাটী: পশ্চিম কাৰ্বি আংলঙ জিলাত কাৰ্বিলাংপি নৈয়ে লৈছে সংহাৰী ৰূপ। নৈখনৰ বাঢ়নি পানীত প্লাবিত হৈছে এক বৃষ্টিত অঞ্চল। ইয়াৰ লগতে কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ শ্লুইচ গেট খুলি দিয়াৰ ফলত বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ। জলবিদ্যুৎ প্ৰকল্পটোৰো পানী ওফন্দি পৰাত উপায়বিহীন হৈ ৪খন গেট খুলি দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

কাৰ্বিলাংপি নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বিশেষকৈ খাৰুপিন্ধা, মাইচাম, ইংহিনগাঁও, আমডুবি, মাইচাম চৰাইহাগী আদি অঞ্চল নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰি পেলাইছে। বহু হেক্টৰ কৃষিভূমি জলমগ্ন হৈ পৰাৰ লগতে গৃহহাৰা হৈ পৰিছে বহু পৰিয়াল। মথাউৰি নাইবা পথৰ ওপৰত আশ্ৰয় ল’ব লগা হৈছে বানাক্ৰান্ত লোকসকল। 

আনহাতে বৈঠালাংছ’-বৰচালী পথৰ ওপৰেৰে নৈৰ পানী পাৰ হোৱাৰ ফলত যোগাযোগ স্তব্ধ হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি পানীৰ মাজত আবদ্ধ হৈ পৰিছে দহ খনৰো অধিক গাঁও।  (INDIAONLINE)

1367 Days ago