প্রধানমন্ত্রী মোদীক তেওঁৰ গোলকীয় নেতৃত্বৰ বাবে ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্যা কম্পেনিয়ন অৱ দ্যা অৰ্ডাৰ অৱ ফিজি প্ৰদান কৰা হয়। ফিজিৰ প্ৰধানমন্ত্রী চিটিৱেনি বাবুকাই শ্রীমোদীক এই সন্মান প্ৰদান কৰে। এটা টুইট বার্তাত প্রধানমন্ত্রী মোদীয়ে এই বঁটাৰ বাবে শ্ৰী বাবুকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দেশখনৰ জনসাধাৰণ তথা চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, এয়া হৈছে ভাৰতবাসীৰ বাবে এটা সন্মান আৰু দুয়োখন দেশৰ মাজৰ শক্তিশালী সম্পৰ্কৰ এটা স্বীকৃতি। পাপুয়া নিউ গিনিৰ গৱৰ্ণৰ জেনেৰেল ব’ব ড’ডায়েও শ্রীমোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্যা গ্রেণ্ড কম্পেনিয়ন অৱ দ্যা অৰ্ডাৰ অৱ ল'গ'হু প্ৰদান কৰে। (AIR NEWS)