A part of Indiaonline network empowering local businesses
Chaitra Navratri

প্ৰখ্যাত অভিনেতা ইৰফান খানৰ মৃত্যু

News

প্ৰখ্যাত অভিনেতা ইৰফান খানৰ আজি পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৪ বছৰ। অভিনেতাগৰাকীয়ে কিছুদিন ধৰি মগজুৰ কৰ্কট ৰোগত ভুগি আছিল। যোৱা ৪ দিন আগত জয়পুৰত তেখেতৰ মাতৃৰ মৃত্যু হয়।

প্ৰসিদ্ধ অভিনেতাজনে ছালাম বোম্বে ছবিৰ যোগেদি ১৯৮৮ চনত বলিউডত অভিনয় জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ বলিউডৰ বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। উল্লেখযোগ্য যে, তেখেতে বহু জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় ছবিতো অভিনয় কৰিছিল।

তেখেতৰ মৃত্যুত অমিতাভ বচ্চন, লতা মংগেশকাৰ, সুজিত সৰকাৰৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰে। (AIR NEWS)

1448 Days ago