প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সমগ্ৰ দেশৰ থলুৱা কাৰুশিল্পী আৰু কলা-কুশলীসকলৰ ২৬ সংখ্যক হুনৰ হাট মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে হুনৰ হাট মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে হুনৰ হাটে সমগ্ৰ দেশৰ থলুৱা কাৰুশিল্পী আৰু কলা-কুশলীসলক একত্ৰিত কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে, হুনৰ হাট দেশৰ সাংস্কৃতিক বিচিত্ৰতা প্ৰতিফলিত কৰা ভাৰতৰ পৰম্পৰাগত কাৰুশিল্প কলাৰ সুন্দৰ প্ৰদৰ্শন। মন্ত্ৰীগৰাকীয়ে কয় যে, হুনৰ হাটে ভকেল ফ’ৰ ল’কেলক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। যিটো আত্মনিৰ্ভৰ ভাৰতৰ মূল ভেটি। হুনৰ হাটে কেৱল দেশৰ থলুৱা কাৰুশিল্পী আৰু কলাকুশলীকসকলক এখন উমৈহতীয়া মঞ্চ দিয়াই নহয় বৰঞ্চ ই দেশৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰকাশ বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে, হুনৰ হাটে থলুৱা শিল্পীসকলৰ সামগ্ৰীসমূহ দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যাতে এই সামগ্ৰীসমূহে উচিত মূল্য লাভ কৰিব পাৰে। উল্লেখযোগ্য যে, দেশৰ বিভিন্ন প্ৰান্তত ৬০০ গৰাকীতকৈও অধিক কাৰুশিল্পী আৰু কলা-কুশলীয়ে এইবাৰৰ হুনৰ হাটত অংশগ্ৰহণ কৰিছে। (AIR NEWS)