A part of Indiaonline network empowering local businesses
Chaitra Navratri

প্ৰথিতযশা কণ্ঠশিল্পী অৰ্চনা মহন্তৰ মৃত্যুত ৰাজ্যজুৰি শোক

News

প্ৰথিতযশা কণ্ঠশিল্পী, ভালেমান অসমীয়া বোলছবিৰ পাৰ্শ্বগায়িকা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পী, প্ৰয়াত খগেন মহন্তৰ সহধৰ্মিনী অৰ্চনা মহন্তৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে৷ শালিকী অ’ অবুজন চৰাইজনী, অ’ ফুলপাহ হালিছ জালিছ, জোনটি জোনটি ওলালে তৰাটি ওলাব আদি কালজয়ী, হৃদয়স্পৰ্শী, অসমৰ মাটিৰ গোন্ধেৰে জীপাল গীতত কণ্ঠদান কৰি অৰ্চনা মহন্তই ৰাইজৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ বিশিষ্ট শিল্পীগৰাকী বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছিল৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি মগজুৰ ৰক্তক্ষৰণ হৈ ৭২ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে, অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটি আছিল খগেন মহন্ত আৰু অৰ্চনা মহন্ত৷ বহু কালজয়ী গীতত কণ্ঠদান কৰা বিহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তই অসমীয়া লোক সংগীতৰ ভেটি সুদৃঢ় কৰি গৈছে৷ অৰ্চনা মহন্ত আৰু খগেন মহন্তৰ দ্বৈত কণ্ঠৰ চিৰসেউজ গীতবোৰ আজিও জনপ্ৰিয় হৈ আছে৷ বিশিষ্ট শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদলৈও অনা হয়৷ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তই শেষকৃত্য সম্পন্ন কৰে৷
ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুকণ্ঠী গায়িকা, বিশিষ্ট শিল্পী অৰ্চনা মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী শ্ৰী সোণোৱালে কয় যে, জীৱন কালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত অৰ্চনা মহন্তই আমাৰ সাংস্কৃতিক জগতলৈ যি বলিষ্ঠ অৰিহনা আগবঢ়াই গ’ল সেয়া ৰাজ্যখনৰ সংস্কৃতিৱান ৰাইজে শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিচিত এইগৰাকী বিশিষ্ট কণ্ঠশিল্পীৰ বিয়োগ ৰাজ্যখনৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়েও শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ (AIR NEWS)

1329 Days ago