A part of Indiaonline network empowering local businesses
Chaitra Navratri

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ নৱেম্বৰত উত্তৰাখণ্ডৰ কেদাৰনাথ ভ্ৰমণ কৰিব

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ নৱেম্বৰত উত্তৰাখণ্ডৰ কেদাৰনাথ ভ্ৰমণ কৰিব। তেওঁ কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শ্ৰী আদি শংকৰাচাৰ্যৰ সমাধি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি এটাও উন্মোচন কৰিব। উল্লেখ্য যে, ২০১৩ চনৰ বানপানীত ধ্বংসপ্ৰাপ্ত হোৱা এই সমাধিটো সম্প্ৰতি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই পুনৰ নিৰ্মাণকাৰ্য প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শৰে সম্পন্ন হোৱাৰ লগতে প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়টো তেওঁ নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছিল।

নিজৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে সৰস্বতী আস্থাপথ কাম-কাজৰো বুজ ল’ব। তদুপৰি কেদাৰনাথ ভ্ৰমণৰ সময়ত তেওঁ এখন জনসভাত ভাষণ দিয়াৰ লগতে তীৰ্থ পুৰোহিত গৃহ আৰু মন্দাকিনী নৈৰ ওপৰত নিৰ্মাণ কৰা গৰুড় ছাত্তী দলঙকে ধৰি কেিবাটাও বুনিয়াদী গাঁথনিৰ প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখ্য যে ১৩০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয়সাপেক্ষে এই প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে। (AIR NEWS)

902 Days ago