প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে, প্ৰতিৰক্ষা খণ্ডত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। তেওঁ কয় যে, আত্মনিৰ্ভৰতাৰ বাবে প্ৰতিৰক্ষা গৱেষণা, উদ্ভাৱন, আৰ্হি প্ৰস্তুত আৰু থলুৱাভাৱে প্ৰতিৰক্ষা সা-সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই দেশক সমৃদ্ধ কৰিব পাৰে। প্ৰতিৰক্ষা খণ্ডত কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা সা-সুবিধাসমূহৰ ফলদায়ক প্ৰয়োজন সন্দৰ্ভত আয়োজিত এখন ৱেবিনাৰত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আজি কয় যে, কেন্দ্ৰীয় বাজেটত পুঁজিৰ আৱণ্টন ১৯ শতাংশ বৃদ্ধি কৰা হৈছে। এই কথাই প্ৰতিৰক্ষা খণ্ডত আধুনিকীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলন কৰিছে। তেওঁ কয় যে, থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা ক্ষেত্ৰত বাজেটত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিৰক্ষা সা-সঁজুলিৰ আমদানি হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাত অৱলোকন কৰি শ্ৰীমোডীয়ে কয় যে, দেশ প্ৰতিৰক্ষা সা-সামগ্ৰীৰ ৰপ্তানিৰ উৎস হোৱাৰ দিশে আগবাঢ়িব লাগিব। তেওঁ কয় যে, চৰকাৰে দেশীয় প্ৰতিৰক্ষা প্ৰযুক্তি আৰু সা-সঁজুলিক উৎসাহিত কৰি আহিছে। ইয়াৰ জৰিয়তে এম এছ এম ই খণ্ড আৰু ষ্টাৰ্ট আপসমূহ উপকৃত হৈছে বুলিও শ্ৰীমোডীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে, প্ৰতিৰক্ষা কৰিডৰসমূহে স্থানীয় উদ্যোগী আৰু নিৰ্মাণ গোটসমূহক সহায় কৰিব। শেহতীয়া সংস্কাৰসমূহে এম এছ এম ই সমূহক অধিক স্বাধীন কৰি তোলাৰ লগতে ইয়াৰ সম্প্ৰসাৰণৰ বাটো মুকলি কৰিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে, চৰকাৰে ঋণাত্মক তালিকাৰ অন্তৰ্ভুক্ত ১০০ টা গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু প্ৰতিৰক্ষা খণ্ডত আত্মনিৰৰ্ভৰ হোৱাৰ জৰিয়তে এই সামগ্ৰীসমূহক যোগাত্মক কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে, এই যোগাত্মক তালিকাই থলুৱা নিৰ্মাণৰ পৰিসৰ বৃদ্ধি কৰিব আৰু কৰ্ম সংস্থাপনৰো সৃষ্টি কৰিব। শ্ৰীমোডীয়ে কয় যে, প্ৰতিৰক্ষা খণ্ডক উৎসাহিত কৰাৰ বাবে চৰকাৰে বিভিন্ন সংস্কাৰমূলক ব্যৱস্থা কৰাৰ লগতে বিদেশী বিনিয়োগ সহজ কৰি তোলাত গুৰুত্ব দিছে। তেজস বিমানৰ সাফল্যৰ সন্দৰ্ভত তেওঁ কয় যে, চৰকাৰে বিজ্ঞানী আৰু অভিযন্তাসকলক এই ক্ষেত্ৰত উৎসাহ দিছিল আৰু তাৰ ফলতে আজি তেজসৰ উৰণ সম্ভৱ হৈ উঠিছে। (AIR NEWS)