প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ চেন্নাইত কেবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৩১ হাজাৰ ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। কাইলৈ সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ বাবে উছৰ্গা কৰিবলগীয়া প্ৰকল্পসমূহৰ মাজত ২ হাজাৰ ৯৬০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ ৫ টা আন্তঃগাঁথনি প্ৰকল্পও আছে। আন প্ৰকল্পসমূহৰ এটা হ’ল টম্বাৰাম আৰু চেঙালপাটুৰ মাজৰ ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয়টো ৰে’লপথ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সৈতে সংগতি ৰাখি ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। (AIR NEWS)