A part of Indiaonline network empowering local businesses
Chaitra Navratri

ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বাৰ্ষিকী উপলক্ষে অনলাইন ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বাৰ্ষিকী উপলক্ষে ফিটনেছক উৎসাহিত কৰা একাংশ লোকৰ লগতে জনসাধাৰণৰ সৈতে অনলাইন ব্যৱস্থাৰে মত বিনিময় কৰে৷ ফিট ইণ্ডিয়া ডায়লগ শীৰ্ষক এই দেশজোৰা অনলাইন অনুষ্ঠানত ফিটনেছৰ সৈতে জড়িতসকলে নিজৰ নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিটনেছ আৰু সুস্বাস্থ্য সন্দৰ্ভত নিজৰ চিন্তা প্ৰকাশ কৰে৷ অন্যান্যসকলৰ লগতে এই অনুষ্ঠানত বিৰাট কোহলি, মিলিন্দ সুমন, ৰুজুতা ডিৱেকাৰ আদিয়েও অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এই জন আন্দোলনৰ উদ্দেশ্য হৈছে ভাৰতক ফিট ইণ্ডিয়া আলোচনাৰ জৰিয়তে ফিটনেছ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা৷ যোৱা বছৰ আৰম্ভ কৰা ফিট ইণ্ডিয়া অভিযানত চাৰে তিনি কোটিতকৈও অধিক লোকে ফিট ইণ্ডিয়া ফ্ৰিডন ৰান, ফ্লগ ৰান, চাইক্ল’থন, ফিট ইণ্ডিয়া উইক, ফিট ইণ্ডিয়া স্কুল চাৰ্টিফিকেট আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অংশগ্ৰহণ কৰি ইয়াক জন আন্দোলন হিচাপে গঢ়ি তুলিছে৷ (AIR NEWS)

1301 Days ago