A part of Indiaonline network empowering local businesses
Chaitra Navratri

বন্তিৰ পোহৰেৰে আলোকিত হ’ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

news

নগাওঁ: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আনন্দৰ বন্যা। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ পিছতে বন্তিৰ পোহৰেৰে আলোকিত হৈ পৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা। মাংগলিক ধ্বনিৰে বটদ্ৰৱা থানত শতাধিক বন্তি প্ৰজ্বলন কৰা হয়। 

এই অনুষ্ঠানত উপস্থিত থাকে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা। বিধায়িকা গৰাকীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰে। ইয়াৰ লগতে থানখনত উপস্থিত হৈ গুৰুজনাৰ আশিস লোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ নৱনিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উপ–সভাপতি পুলক গোহাঁই, জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰীয়ে। (INDIAONLINE)

1352 Days ago