A part of Indiaonline network empowering local businesses
Chaitra Navratri

বন্যহস্তীৰ দলক খাদ্য যোগান গাওঁবাসীৰ

news

গুৱাহাটী: বানে বিভীষিকা ৰূপ ধাৰণ কৰাৰ পিছতেই মানৱ জাতিৰ সমানে সমানে এতিয়া বিপদত পৰিছে বন‍্যপ্ৰানীও। ৰাজ্যত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে এচাম দৰদী লোকে বন্য প্ৰেমৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। খাদ্য সংকটত পৰি বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত মুক্ত বিচৰণ কৰা বৃহৎ বন‍্যহস্তীৰ দল এটাক খাদ্য যোগান ধৰিছে এখন গাওঁৰ লোকে।  

ব্ৰহ্মপুত্ৰৰ চাপৰি জাঁজী মুখত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছে প্ৰায় ১২০ জনীয়া এটা বৃহৎ হাতীৰ জাক। কিন্তু তাৰ মাজতে বানত সৰ্বশ্ৰান্ত হেৰুৱাইয়ো মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কেইজনমান লোকে। শালমৰা আৰু যোগী গাওঁৰ ৰাইজে সাধ্যনুসাৰে বন‍্যহস্তীৰ দলটোক খাদ্য যোগান ধৰিছে। তেওঁলোকৰ পিছতেই উপস্থিত হয় দক্ষিণ পাট কুমাৰ গাওঁৰ ৰাইজ।

বিভিন্ন সময়ত হাতী মানুহৰ স‌ংঘাট দেখিবলৈ পোৱা যায় যদিও এই মহাসংকতৰ সময়ত মাজুলী বাসীৰ এনে মহানুভৱতাই দাঙি ধৰিছে এক ইতিবাচক বাৰ্তা। (INDIAONLINE)

1359 Days ago