A part of Indiaonline network empowering local businesses
Chaitra Navratri

বানত ক্ষতিগ্ৰস্ত গহপুৰৰ বৃহৎ অঞ্চল

news

গহপুৰ: বানৰ ফলত জুৰুলা হৈছে ৰাজ্যৰ অধিক সংখ্যক লোক। শেহতীয়া বানৰ ফলত গহপুৰৰ অঞ্চলসমূহত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কৃষক ৰাইজৰ সকলোবোৰ সপোন এইবেলি বানে ধুই লৈ গ'ল। 

জলমগ্ন হৈ পৰাৰ ফলত নষ্ট হৈ পৰিল হাজাৰ হাজাৰ বিঘা আহু-বৰো ধানৰ খেতি। লগতে শালি খেতিৰ বাবে সিঁচি থোৱা কঁঠিয়াসমূহো বানে নিঃশেষ কৰি পেলোৱাৰ পিছত যেন এতিয়া কৃষক সকলে দিক–বিদিক হেৰুৱাই পেলাইছে।

শালি খেতিৰ বাবে এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিব লগা হৈছে কৃষক ৰাইজে। আনহাতে নতুনকৈ কঠিয়া সিঁচি ভুঁই ৰুবলৈ এতিয়া সময় নাই। চৰকাৰৰ তৰফৰ পৰাও প্ৰদান কৰা নাই গুৰুত্ব নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ। বানপানীত দুমুঠি চাউল-দাইল যোগান ধৰিয়েই চৰকাৰী পক্ষই দায়িত্ব সামৰা বুলি অভিযোগ পোৱা গৈছে।  (INDIAONLINE)

1383 Days ago