সাম্প্ৰতিক বানত ৰাজ্যৰ ৩২ খন জিলাৰ ৫৫ লাখতকৈ অধিক লোক বানৰ কৱলত পৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৭ জন লোকৰ প্ৰাণহানি হৈছে। বৰ্তমান ১২১ টা ৰাজহ চক্ৰৰ ৫ হাজাৰ ৫৭৭ খন গাঁও জলমগ্ন হৈ আছে। এই বানত ১ লাখ হেক্টৰতকৈ অধিক কৃষিভূমি প্লাৱিত হৈছে।
চৰকাৰে বান সাহায্য হিচাপে অতি সোণকালে পেকেজ ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বানৰ ফলত হোৱা পশুধনৰ হানি আৰু অন্যান্য ক্ষতিৰ তথ্য দিবলৈ শীঘ্ৰেই চৰকাৰে এটা পৰ্টেল মুকলি কৰিব।
ইপিনে, বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, যদিও বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীসকলে নিজ নিজ দায়িত্বত থকা জিলাসমূহৰ বান পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে সংশ্লিষ্ট জিলাসমূহত উপস্থিত হৈছেগৈ। (IMPUT FROM AIR )