A part of Indiaonline network empowering local businesses
Chaitra Navratri

বাৰাণসীত আজিৰে পৰা ৩দিনীয়া কাশী উৎসৱ আৰম্ভ

News

বাৰাণসীত আজিৰে পৰা ৩দিনীয়া কাশী উৎসৱ আৰম্ভ হৈছে। এই উৎসৱৰ আজি প্ৰথম দিনা বিশেষকৈ গোস্বামী তুলসীদাস, সন্ত কবীৰ, সন্ত ৰায়দাস, ভাৰতেন্দু হৰিচন্দ্ৰ, মুঞ্চি প্ৰেমচন্দ আৰু শ্ৰীজয়শংকৰৰ প্ৰসাদৰ লেখীয়া শতিকা পুৰণি ঐতিহ্য তথা সংস্কৃতি উদযাপন তথা প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত আলোচনাত কাশীৰ ৬গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ ল’ব। ইয়াৰ উপৰি ড০ সচ্ছিদানন্দ যোশী, অধ্যাপক মাৰুতীনন্দন তিৱাৰী, বীৰেন্দ্ৰ মিশ্ৰ, অধ্যাপক নিৰঞ্জন কুমাৰ, অনন্ত বিজয়, অধ্যাপক পুনম কুমাৰী সিং, অধ্যাপক বিশাম্ভৰ নাথ মিশ্ৰ, ড০ সদানন্দ শ্বাহী আৰু ড০ উদয়প্ৰতাপ সিঙো অনুষ্ঠানত উপস্থিত থাকিব। (AIRNEWS)

883 Days ago