A part of Indiaonline network empowering local businesses
Chaitra Navratri

বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ভাৰতীয় মণ্ডপৰ শুভ উদ্বোধন

News

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে বুধবাৰে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয়কথাছবি মহোৎসৱত ভাৰতীয় মণ্ডপৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে এই মণ্ডপৰ বাবেভাৰতৰ ৩খন কথাছবি আৰু এখন তথ্যচিত্ৰ বাচনি কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰমন্ত্যালয়ে ভাৰতীয় বনিক সংঘৰ সহযোগত বাৰ্লিন কথাছবি মহোৎসৱৰ এই ৭০ সংখ্যকসংস্কৰণত অংশগ্ৰহণ কৰিছে। ইয়াৰ আগেয়ে ড০ জয়শংকৰে জাৰ্মানীৰ বিদেশমন্ত্ৰী হিকো মাছৰ সৈতে আলোচনাত মিলিত হয় আৰু ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰসহযোগিতাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে তেওঁক ধন্যবাদজনায়। বিদেশ মন্ত্ৰীয়ে মিউনিখ সুৰক্ষা অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱাসপ্তাহৰ শেষভাগত জাৰ্মানীত উপস্থিত হৈছে। অহা মাহত ব্ৰাছেলছত হ’বলগীয়াভাৰত-ইউৰোপীয় সংঘ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যাবলগীয়া প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীৰ এই প্ৰস্তাৱিত ভ্ৰমণৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰউদ্দেশ্যে তেওঁ জাৰ্মানীলৈ গৈছে। (AIR NEWS)

1519 Days ago