অসম চৰকাৰে বি টি আৰত স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে জনসাধাৰণে মুক্তমনে ভোটদান কৰিব পৰাটো সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। বি টি আৰৰ ১৬ টা বিভিন্ন সংগঠনৰ প্ৰতিনিধি দলে কালি গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বি টি আৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ মূল লক্ষ্যই হৈছে অঞ্চলটোত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ গতি ত্বৰান্বিত কৰা। বিভিন্ন জনগোষ্ঠীয় সংগঠনে এখন মঞ্চৰ জৰিয়তে ঐক্যবদ্ধভাৱে আলোচনালৈ অহাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বি টি আৰৰ নিৰ্বাচনৰ সময়ত প্ৰশাসন ৰাইজৰ স্বাৰ্থত তথা নিৰপেক্ষভাৱে কৰ্মত ব্ৰতী হৈ থাকিব। অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি ৰাজ্য চৰকাৰে সঘনাই পৰ্যালোচনা কৰি থাকিব বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বি টি আৰ শক্তিশালী হ’লেহে অসম শক্তিশালী হ’ব। জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক লৈ ৰাজ্য চৰকাৰে কাম কৰি যাব বুলি তেওঁ কয়। (AIR NEWS)