ক’ৰ’ণা মহামাৰীৰ দ্বিতীয় লহৰৰ মাজত দেশত আজি আক্ৰান্তৰ সংখ্যা কম হোৱা পৰিলক্ষিত হৈছে। বিগত সপ্তাহত এটা দিনতে ৪ লাখ লোক আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ বিপৰীতে বিগত ২৪ ঘণ্টাত ৩ লাখ ৬৮ হাজাৰহে আক্ৰান্ত হৈছে। একেৰাহে দ্বিতীয়টো দিনৰ বাবে দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত ৩ লাখৰো অধিক হৈছে। অৱশ্যে কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত দেশত ক’ৰ’ণা আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশত আৰোগ্য লাভৰ হাৰ হ্ৰাস পাইছে। এই হাৰ হ্ৰাস হৈ বৰ্তমান ৮১.৭৬ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে দেশত এতিয়ালৈকে ১ কোটি ৬২ লাখৰো অধিক লোকে আৰোগ্য লাভ কৰিছে। দেশত বৰ্তমান মুঠ ৩৪ লাখ ১৩ হাজাৰৰো অধিক সক্ৰিয় অৰ্থাৎ মুঠ আক্ৰান্তৰ ১৭.১৩ শতাংশ ৰোগী আছে। মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৩ হাজাৰ ৪১৭ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াকে ধৰি দেশত কোৱিডত মৃত্যু হোৱা লোকৰ সংখ্যা ২ লাখ ১৮ হাজাৰৰো অধিক হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জানিবলৈ দিয়া মতে বিগত ২৪ ঘণ্টাত ১৫ লাখৰো অধিক কোৱিড পৰীক্ষা সম্পন্ন কৰা হৈছে। সমগ্ৰ দেশত এতিয়ালৈকে ২৯ কোটি ১৬ লাখৰো অধিক কোৱিড পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি গৱেষণা পৰিষদে জানিবলৈ দিছে। (AIR NEWS)