বিশ্ব স্বাস্থ্য সংস্থা আৰু কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ গোলকীয় কেন্দ্ৰৰ স্থাপনৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছে। আয়ুষ মন্ত্ৰ্যালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেজা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান ড০ টেড্ৰোছ অধনম গেব্ৰেয়াছিছে কালি জেনেভাৰ এটা অনুষ্ঠানত এই চুক্তিখনত স্বাক্ষৰ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই এটা বিবৃতিযোগে কৈছে যে, আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ মাধ্যমেৰে সমগ্ৰ বিশ্বৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সামৰ্থ্যৰ কথা উজাগৰ কৰা আৰু জনস্বাস্থ্যৰ উন্নয়নৰ বাবে ইয়াক ব্যৱহাৰ কৰাই পৰম্পৰাগত চিকিৎসা কেন্দ্ৰ স্থাপনৰ মূল উদ্দেশ্যে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান ড০ গেব্ৰেয়াছিছে কয় যে, সমগ্ৰ বিশ্বৰ অসংখ্য লোকৰ বাবে পৰম্পৰাগত চিকিৎসা অনেক ৰোগৰ নিদানৰ প্ৰথম পদক্ষেপ। তেওঁ লগতে সকলো লোকৰ বাবে নিৰাপদ আৰু ফলপ্ৰসূ চিকিৎসা নিশ্চিত কৰাটো বিশ্ব স্বাস্থ্য সংস্থাৰ অভিযান অনিবাৰ্য অংশ বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত আবঢ়োৱা সহায় সহযোগিতাৰ বাবে ড০ গেব্ৰেয়াছিছে ভাৰতক শলাগ লয়। (AIRNEWS)