A part of Indiaonline network empowering local businesses
Chaitra Navratri

বিশ্বৰ ৪০ খন দেশে ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে

news

বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে বিভিন্ন চিকিৎসাৰ সা-সঁজুলি আৰু ঔষধৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে বিশ্বৰ ৪০ খন দেশে ভাৰতক সহায়ত হাত আগবঢ়াইছে। বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলাই কৈছে যে বিভিন্ন দেশৰ পৰা চিকিৎসাৰ সা-সঁজুলি আৰু ঔষধৰ খেপ ভাৰতলৈ প্ৰেৰণ কৰি থকা হৈছে। বিদেশ সচিবগৰাকীয়ে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই কোৱিড মহামাৰীৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ আশ্বাস দিছে। শ্ৰীশৃংগলাই কয় যে আমেৰিকাৰ পৰা ভাৰতলৈ এসপ্তাহৰ ভিতৰতে তিনিখন বিমান আহি পোৱাৰ কথা। তেওঁ কয় যে অক্সিজেনৰ উৎপাদনৰ সা-সঁজুলি আৰু অক্সিজেনৰ চিলিণ্ডাৰভৰ্তী দুখন বিমনা কাইলৈ ভাৰতত উপস্থিত হব। বিদেশ সচিবগৰাকীয়ে কৈছে যে চিকিৎসাৰ বাবে প্ৰয়োজনীয় তৰল অক্সিজেনৰ উপলব্ধতা সুনিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়বস্তু। (AIR NEWS)

1084 Days ago