ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বেংগালুৰুত হিন্দুস্থান এৰ’নটিকছ লিমিটেডৰ সংহত ক্ৰায়’জেনিক ইঞ্জিন নিৰ্মাণ ব্যৱস্থাৰ শুভাৰম্ভ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰ্ছুৱেল ব্যৱস্থাৰ মাধ্যমেৰে আজি বেংগালুৰুৰ দক্ষিণ মণ্ডলৰ বিষাণু বিজ্ঞান প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰত হৈছে বিশ্বৰ ষষ্ঠখন ৰাষ্ট্ৰ যাৰ নিজৰ দেশত ক্ৰায়’জেনিক ইঞ্জিন নিৰ্মাণৰ ব্যৱস্থা আছে। উল্লেখ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে উপগ্ৰহ উৎক্ষেপণ যানত এই ক্ৰায়’জেনিক ইঞ্জিন ব্যৱহাৰ কৰে।
শ্ৰীমতী মুৰ্মুৱে ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে ইছৰ’ আৰু হিন্দুস্থান এৰ’নেটিকছ লিমিটেডৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ বিজ্ঞান সমাজক দেশক ২০৪৭ চনৰ ভিতৰত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে অমৃত কালৰ সুব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত ৰাজ্যপাল থাৱৰ চন্দ গেহলট, মুখ্যমন্ত্ৰী বাচৱৰাজ বোম্মাই, পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰী ড০ ভাৰতী প্ৰবীণ পাৱৰ আৰু কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী ড০ কে সুধাকৰো উপস্থিত থাকে। (AIR NEWS)