A part of Indiaonline network empowering local businesses
Chaitra Navratri

ব্যক্তিগত খণ্ডলৈ নাযায় নুমলীগড় শোধনাগাৰ

news

গুৱাহাটী: অৱশেষত নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত খণ্ডলৈ নোযোৱাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শেহতীয়াকৈ ২০২০ চনৰ মাৰ্চ মাহত ব্যক্তিগত খণ্ডৰ হাত অসম আন্দোলনৰ ফলশ্ৰুতিত অসমে লাভ কৰা তেল শোধনাগাৰটো গতাই দিয়াৰ বাবে চলাই থকা আলোচনাত যতি পেলাই নুমলীগড় তেল শোধনাগাৰত নিৰ্বিনিয়োগৰ সিদ্ধান্ত নাকচ কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে বিগত ২০ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে তেল শোধনাগাৰ আৰু ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যনত নিৰ্বিনিয়োগৰ কৌশলগত সিদ্ধান্ত এতিয়াও অব্যাহত আছে যদিও বিপিচিএলৰ অংশ বিক্ৰীৰ পূৰ্বেই এলআৰএলক ইয়াৰ পৰা আঁতৰই অনা হ’ব আৰু চৰকাৰৰ বিনিয়োগ অব্যাহত থাকিব।

ইফালে এই সিদ্ধান্তক সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, “অসমৰ জনসাধাৰণৰ আশা-আকাঙ্খাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছো।”

মুখ্যমন্ত্ৰীজনে লগতে কয়, “নুমলীগড় তেল শোধনাগাৰ আমাৰ গৌৰৱ আৰু মই এই ছেগতে আমাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু কেন্দ্ৰীয় কেবিনেটৰ সকলো সদস্যকে এই গৌৰৱ অটুত ৰখাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে অশেষ ধন্যবাদ জনাইছো।” (INDIAONLINE)

1609 Days ago