বৰাক উপত্যকাত হোৱা দ্বিতীয়টো বানত বৰাক নদীৰ পানী শিলচৰ নগৰৰ মাজেৰে কোবাল সোঁতত প্ৰৱাহিত হয়। নগৰখনৰ ভিতৰত বৰ্তমান জলস্তৰৰ উচ্চতা ৮ ফুট পৰ্যন্ত হৈছে। অন্নপূৰ্ণা ঘাটত বৰাক নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে যদিও শিলচৰত পানী বাঢ়ি আছে। কেইবাটাও দিশেৰে নগৰখনলৈ বাধাহীনভাৱে নদীৰ পানী সোমাই আছে। শিলচৰৰ প্ৰতিটো পথে এতিয়া পানীৰ সুঁতিত পৰিণত হৈছে। শ্মশান আৰু কবৰস্থানসমূহ পানীত বুৰ যোৱাৰ বাবে মৃতকৰ সৎকাৰত ব্যাঘাত জন্মিছে। ডিমা হাছাও জিলাৰ হাফলং ষ্টেচন প্ৰায় এমাহ পূৰ্বে বানে খহাই নিয়াৰ ফলত বৰাক উপত্যকাৰ লগত ৰে’ল যোগাযোগ ব্যাহত হৈ আছে। বৰ্তমান ভূমিস্খলন আৰু বানৰ বাবে পথ যোগাযোগো ব্যাহত হৈছে। শিলচৰকে ধৰি বৰাক উপত্যকাৰ বান বিধ্বস্ত অঞ্চলত খোৱা পানীৰ গুৰুতৰ সংকট হৈছে। বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ ফলত বাসিন্দাসকল ম’বাইল আৰু ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ আছে। সেনাবাহিনী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ জোৱানসকলে বানত আৱদ্ধ থকা লোকসকলক উদ্ধাৰ তথা সাহায্য প্ৰদানৰ কামত ব্যস্ত আছে। শিলচৰ নগৰত আৱদ্ধ হৈ থকা প্ৰায় ৩ লাখ লোকক ওখ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। (IMPUT FROM AIR )