A part of Indiaonline network empowering local businesses
Chaitra Navratri

বৰ্ধিত প্ৰদূষণৰ বাবে কাইলৈৰ পৰা দিল্লীৰ প্ৰাথমিক বিদ্যালয় সমূহৰ বন্ধ ঘোষণা

news

দিল্লী চৰকাৰে ৰাজধানীখনৰ বৰ্ধিত প্ৰদূষণৰ বাবে সকলো প্ৰাথমিক বিদ্যালয় কাইলৈৰ পৰা বন্ধ ঘোষণা কৰিছে। দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী শ্ৰী অৰবিন্দ কেজৰিৱালে এই সিদ্ধান্ত ঘোষণা কৰে। তেওঁ আৰু কয় যে দিল্লী চৰকাৰে যদি প্ৰয়োজন হয়, তেন্তে যুগ্ম-অযুগ্ম আঁচনিৰো প্ৰয়োগ কৰিব।

আমাৰ সংবাদদাতাই জনোৱা মতে, ৰাষ্ট্ৰীয় ৰাজধানী এলেকা আৰু তাৰ আশে-পাশে বায়ু প্ৰদূষণ মাত্ৰা পৰীক্ষা কৰিবলৈ বায়ুৰ মান নিয়ন্ত্ৰক আয়োগে কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ বাহিৰে অন্য ট্ৰাকৰ প্ৰৱেশ বন্ধ কৰিছে। আয়োগে মহানগৰীখনত চলি থকা ঘাইপথ, ফ্লাইঅভাৰ আদিৰো নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বিদ্যালয়সমূহ বন্ধ কৰি দিবলৈ দিল্লী চৰকাৰক দাবী জনাইছিল। (AIR NEWS)

532 Days ago