ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আয়োজক অসম ক্ৰিকেট সন্থাই ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে খেলখনৰ বাবে কালি গুৱাহাটীত উপস্থিত হোৱা দুয়োটা দলৰ খেলুৱৈসকলে আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনত অংশগ্ৰহণ কৰে। দুয়োটা দলে আজি পৃথকে পৃথকে সাংবাদিকৰ সৈতে মত বিনিময় কৰে। ইপিনে, জিলা প্ৰশাসনে এদিনীয়া খেলখনৰ বাবে কাইলৈ স্থানীয় অৰ্ধছুটীৰ দিন ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি দিনৰ ১ বজাৰ পৰা বন্ধ থাকিব। উল্লেখযোগ্য যে শৃংখলাৰ দ্বিতীয়খন খেল ১২ জানুৱাৰীত কলকাতাত আৰু তৃতীয় তথা অন্তিমখন খেল ১৫ জানুৱাৰীত তিৰুৱনন্তপুৰমত খেলোৱা হ'ব। ভাৰতীয় দলৰ পৰা শেহতীয়া দুই দেশীয় দুটা শৃংখলাত বাহিৰত থকা ৰোহিত শৰ্মাই এই এদিনীয়া শৃংখলাত দলক নেতৃত্ব দিব। যোৱা ছেপ্তেম্বৰৰ পৰা আঘাতৰ বাবে দলৰ বাহিৰত থকা জশপ্রীত বুমৰাহকো দলত স্থান দিয়া হৈছে। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে ২০২১ চনৰ জুলাইত অন্তিমটো এদিনীয়া শৃংখলাত অৱতীৰ্ণ হৈছিল। (AIR NEWS)