A part of Indiaonline network empowering local businesses
Chaitra Navratri

ভাৰত-আমেৰিকাৰ গোলকীয় কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বাবে সংকল্পবদ্ধ মোদী-ট্ৰাম্প

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পাৰস্পৰিক বিশ্বাস,স্বাৰ্থ আৰু সদ্ভাৱৰ ভিত্তিত ভাৰত আৰু আমেৰিকাৰ মাজত গঢ় লৈ উঠা গোলকীয় কৌশলগতসহযোগিতা সুদৃঢ় কৰাৰ বাবে সংকল্পৱদ্ধ হৈছে। কালি বিয়লি জাৰি কৰা এটা যুটীয়াবিবৃতি অনুসৰি দুয়োগৰাকী নেতাই বিশেষকৈ সমুদ্ৰ আৰু মহাকাশ সম্পৰ্কীয় সজাগতা আৰুতথ্যৰ আদান-প্ৰদানৰ জৰিয়তে উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা অধিক গভীৰকৰি তুলিবলৈ সংকল্প লয়। ৰাষ্ট্ৰপতি ট্ৰাম্পে এম এইচ 60 আৰ নৌ আৰু এ এইচ 64ইশ্ৰেণীৰ হেলিপ্টাৰ ক্ৰয় কৰাৰ বাবে ভাৰতে অলপতে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণিজনাইছে। ভাৰতে নতুন প্ৰতিৰক্ষা সামৰ্থ আহৰণৰ বাবে প্ৰয়াস চলাই থকাৰ কথা উল্লেখ কৰিৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতবৰ্ষক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সহযোগিতা মৰ্যাদা প্ৰদানকৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। ইয়াৰ ফলত ক্ৰয় আৰু প্ৰযুক্তিহস্তান্তৰৰ ক্ষেত্ৰত ভাৰতে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব। দুয়োগৰাকী নেতাই লগতেপ্ৰতিৰক্ষা সহযোগিতাৰ সুফল শীঘ্ৰে দেখিবলৈ পোৱা যাব বুলি আশা প্ৰকাশ কৰে।


 
  (AIR NEWS)

1511 Days ago