ভাৰতে ব্ৰিটেইনক চেৰ পেলাই বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে টুইটাৰযোগে কৈছে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পূৰ্বানুমানৰ পৰা ভাৰত চলিত বৰ্ষৰ বাৰ্ষিকভিত্তিক ব্ৰিটেইনক চেৰ পেলোৱাৰ কথা প্ৰতীয়মান হৈছে। মুদ্ৰানিধিৰ অনুমান অনুসৰি ভাৰত, আমেৰিকা, চীন, জাপান আৰু জাৰ্মানীৰ পাছতে পঞ্চম স্থানত আছে। শ্ৰীমতী সীতাৰমনে কয় যে এটা দশক পূৰ্বে ভাৰত সৰ্ববৃহৎ অৰ্থ ব্যৱস্থাসমূহৰ ভিতৰত একাদশ স্থানত আছিল আৰু ব্ৰিটেইন পঞ্চম স্থানত আছিল।
ইপিনে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই কৈছে যে প্ৰধানমন্ত্ৰী নেতৃত্বত সংস্কাৰ, প্ৰৰ্দশন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰে নতুন ভাৰতে সফলতাৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ কয় যে দেশ অৰ্থনৈতিক মহাশক্তিৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে। (AIR NEWS)