A part of Indiaonline network empowering local businesses
Chaitra Navratri

ভাৰতত কোৱিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ ৬০.৭২ শতাংশলৈ বৃদ্ধি

News

ভাৰতত কোৱিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ ৬০.৭২ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ২০ হাজাৰ ৩২ জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। ইয়াক লৈ দেশত এতিয়ালৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ৩ লাখ ৭৯ হাজাৰ ৮৯২ অতিক্ৰম কৰিছে। আনহাতে, ২ লাখ ২৭ হাজাৰ ৪৩৯ জন লোক চিকিৎসাধীন হৈ আছে। যোৱা ২৪ ঘণ্টাত ভাৰতত প্ৰায় ২০ হাজাৰ ৯০৩ জন লোক কোৱিড-19ত আক্ৰান্ত হৈছে। ইয়াকে লৈ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ৬ লাখ ২৫ হাজাৰ ৫৪৪ জন হৈছে। এই পৰ্যন্ত ভাৰতত ১৮ হাজাৰ ২১৩ জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে ভাৰতত কোৱিড পৰীক্ষাৰ সংখ্যাই অতি সোনকালে ১ কোটি স্পৰ্শ কৰিব। যোৱা ২৪ ঘণ্টাত ভাৰতত ২ লাখ ৪১ হাজাৰ ৫৭৬ নমুনা পৰীক্ষা কৰা হৈছে। বৰ্তমান দেশৰ বিভিন্ন ঠাইত ৭৭৫ টা চৰকাৰী আৰু ২৯৯ টা ব্যক্তিগত পৰীক্ষাগাৰত কোৱিড পৰীক্ষা কৰি থকা হৈছে। ইফালে, বিশ্বত এই ৰোগত আক্ৰান্তৰ সংখ্যাই ১ কোটি ১০ লাখ অতিক্ৰম কৰিছে। এতিয়ালৈকে প্ৰায় ৬১ লাখ ৭৫ হাজাৰ ৫৩৭ জন ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ৫ লাখ ২৪ হাজাৰ ৮২৫ জন লোকৰ মৃত্যু হৈছে। (AIR NEWS)

1385 Days ago