ভাৰতত কোৱিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭৭ দশমিক ৭-৭ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে দেশত মৃত্যুৰ হাৰ ১ দশমিক ৭-০ শতাংশলৈ অৱনমিত হৈছে। যোৱা ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক ৭৪ হাদাৰ ৮৯৪ জন লোক এই ৰোগৰ পৰা আৰোগ্য হৈছে। এটা দিনত কোৱিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ এয়াই সৰ্বাধিক। ভাৰতত প্ৰায় ৩৪ লাখ লোক কোৱিডৰ সংক্ৰমণৰ পৰা মুক্ত হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসালয়সমূহৰ ওপৰত পৰা বোজা ক্ৰমা হ্ৰাস পাইছে। সম্প্ৰতি মুঠ আক্ৰান্তৰ ২০ দশমিক ৫-৩ শতাংশ লোক চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন লোকৰ সংখ্যাৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা ৩ দশমিক ৮ গুণ অধিক বুলিও মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।
যোৱা ২৪ ঘণ্টাত ৮৯ হাজাৰ ৭০৬ জন লোক নতুনকৈ কোৱিডত আক্ৰান্ত হোৱাত বৰ্তমান দেশত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৩ লাখ ৭০ হাজাৰ ১২৯ লৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৩ লাখ ৭০ হাজাৰ ১২৯ লৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৮ লাখ ৯৭ হাজাৰ ৩৯৪। যোৱা ২৪ ঘণ্টাত দেশত এহেজাৰ ১১৫ জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। ইয়াকে লৈ দেশত কোৱিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭৩ হাজাৰ ৮৯০ লৈ বৃদ্ধি পালে।
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৮০ শতাংশৰো অধিক। আনহাতে, ১৭ খন ৰাজ্যত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ১ শতাংশৰ তললৈ অৱনমিত হৈছে। (AIR NEWS)